নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতি ৰাতি টোপনি যোৱাৰ আগত বিছনাত আহি ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ...

Scan the qr code to link to this page

হাদীছ
ব্যাখ্যা
অনুবাদ চাওক
হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ
শ্ৰেণীবিন্যাসসমূহ
অধিক
আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিতঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতি ৰাতি টোপনি যোৱাৰ আগত বিছনাত আহি ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ পাঠ কৰি দুয়ো হাত একেলগ কৰি তাত ফুঁ দি শৰীৰৰ যিমান দূৰ সম্ভৱ মছেহ কৰিছিল, মূৰৰ পৰা আৰম্ভ কৰি মুখমণ্ডল আৰু শৰীৰৰ সন্মুখ ভাগত স্পৰ্শ কৰিছিল। এইটো তেখেতে তিনিবাৰ কৰিছিল।
صحيح - رواه البخاري

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এইটো নিয়ম আছিল যে, তেখেতে শুবলৈ যেতিয়া বিছনাত আহিছিল তেতিয়া তেখেতে ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ পাঠ কৰি দুয়ো হাত দুআ কৰাৰ নিচিনাকৈ একত্ৰিত কৰি তাত অকণ থু থু দিয়াৰ নিচিনাকৈ ফুঁ দিছিল, আৰু তাৰ পিছত দুয়োখন হাতেৰে যিমান দূৰ সম্ভৱ মছেহ কৰিছিল। মূৰৰ পৰা আৰম্ভ কৰিছিল, মুখমণ্ডলকে আদি কৰি বিশেষকৈ শৰীৰৰ সন্মুখ ভাগত স্পৰ্শ কৰিছিল। এইটো তেখেতে তিনিবাৰ কৰিছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. টোপনি যোৱাৰ আগত ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ পাঠ কৰি হাতত ফুঁ দি শৰীৰ মছেহ কৰা মুস্তাহাব।

শ্ৰেণীবিন্যাসসমূহ

সুকলমে প্ৰেৰণ কৰা হৈছে